আমি যদি এবাৰ গণতন্ত্ৰ ধ্বংস কৰিছোঁ, কংগ্ৰেছে হাজাৰবাৰ কৰিছে

 04/01/2022 - 17:56

 

নিউজ ডেস্কঃ নিৰ্বাচনত বিধায়ক কিনা বেচাৰ ৰাজনীতিৰে বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ তুলিছে বিৰোধীয়ে। এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কংগ্ৰেছেৰে হাজাৰবাৰ গণতন্ত্ৰ ধ্বংস কৰিছে। বিজেপিয়ে যদি গণতন্ত্ৰ ধ্বংস কৰিছে, তেন্তে কংগ্ৰেছে হাজাৰ হাজাৰবাৰ অসম বিধানসভা ধ্বংস কৰিছে। কংগ্ৰেছৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ পাঠৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে পীয়ুষ হাজৰিকাই।মন্ত্ৰীজনে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে নে নাই সেয়া ৰাইজে দেখিছে। অসমৰ ৮০ শতাংশ জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।