জামুগুৰিহাটঃ হেপাঁহৰ ৰঙালী লৈ মাজত মাথোঁ কেইটামান দিন। গছে বনে সলাইছে পাত। গছৰ ডালত কুলী কেতেকীজনীয়ে ও দিছে বসন্ত বতৰা। ঢোল পেঁপাৰ মাত শুনি বিহু তলিলৈ ঢপলিয়াই আহিছে গাভৰুহঁত। ৰঙালীক আদৰিবলৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া। শিপিনীসকল ব্যস্ত হৈ পৰিছে আপোন জনৰ বাবে বিহুৱান তথা গামোচাখন বৈ উলিওৱাৰ কামত৷ এই দৃশ্য চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰস্থিত কন্যকা জাতীয় সাজপাৰ প্ৰতিষ্ঠানৰ৷ সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা গামোছা ও জাতীয় সাজপাৰ প্ৰতিষ্ঠানত অসমীয়া বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবৰ বাবে শিপিনীসকল এইদৰে তাঁতশালত গামোছা বোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে।
ঢোল-পেঁপা-গগণাৰ লগতে মাকোৰ শব্দই ৰজনজনাই আছে অসমীয়াৰ পদুলি। চতিয়া সমষ্টিৰ কন্যকা গামোছা ও জাতীয় সাজপাৰৰ প্ৰতিষ্ঠানত তাঁতশালত সপোনৰ গামোছাখন বোৱাত ব্যস্ত হৈ পৰিছে এইসকল শিপিনী। মুখত এমুকোৱা হাঁহিৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰতিষ্ঠানটোত দৰিদ্ৰ মহিলাসকলক কৰ্ম সংস্থাপন দিয়াৰ বাবে মহিলাসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটিক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে অসমৰ জাতীয় জীৱনৰ অন্যতম চানেকি তাঁতশাল। ৰঙালীৰ প্ৰাকক্ষণত প্ৰিয়জনৰ বাবে বিহুৱান দিবলৈ এনেদৰে গামোছা বোৱাত ব্যস্ত এইসকল শিপিনী। কন্যকা প্ৰতিষ্ঠানত শিপিনীসকলে প্ৰস্তুত কৰা গামোছা ও জাতীয় সাজপাৰসমুহ অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহলৈ প্ৰেৰণ কৰে বুলিও জানিবলৈ দিছে শিপিনীসকলে।