তামুলপুৰঃ তামুলপুৰত চিলনী চোৰৰ সন্ত্ৰাস। শেহতীয়াভাৱে তামুলপুৰত বিভিন্ন প্ৰান্তত জনসাধাৰণৰ হাতৰ পৰা মোবাইল, পইচা আদি বিভিন্ন সামগ্ৰী চিলনী চোৰে কাঢ়ি নি এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে তামুলপুৰ মহকুমাত। ঘটনাৰ বিৱৰণী মতে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমুৰীয়াত যোৱা ২৯ মে’ত জাইৰুল আলী নামৰ ব্যক্তিজনৰ পৰা এজন চিলনী চোৰে সন্ধিয়া এন্ধাৰৰ সুয়োগ লৈ হাতৰ পৰা মোবাইল কাঢ়ি লৈ যায়।
ঘটনা সংঘটিত হোৱাৰ পিছত জাইৰুল আলীয়ে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰা আৰু এছ আই নৃপন গগৈয়ে অনুসন্ধান চলাই শুকুৰবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁৱৰ মুকবুল হুচেইনৰ পুত্ৰ মফিজুদ্দিন আলী (২০) আৰু জয়নাল আলীৰ পুত্ৰ ইমান হুছেইন (২৪)ক আটক কৰে।
আৰক্ষীয়ে চুৰি কাৰ্যত ব্যৱহৃত হোৱা এ এছ ১৪ জে ৬৫১৯ নম্বৰৰ এখন গ্লেমাৰ বাইকো আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে চিলনী চোৰটোৱে চুৰি কৰা মোবাইল ফোনটো তেওঁ এজন গ্ৰাহকৰ তাত বিক্ৰী কৰিছিল আৰু আৰক্ষীয়ে ই আই এম আই নম্বৰৰ ভিত্তিত চোৰজনক আটক কৰিবলৈ সক্ষম হয়। আজি চিলনী চোৰকেইটাক তামুলপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি ২৪৮/১৯ ইউ এছ ৩৯২ত জে'ল হাজোতলৈ প্ৰেৰণ কৰে।