04/02/2022 - 19:44
in
জামুগুৰিহাটঃ অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী৷ গছে-বনে সলাইছে পাত৷ গছৰ ডালত কুলি-কেতেকী জনীয়েও দিছে বসন্তৰ বতৰা৷ ঢোল পেপা গগনাৰ মাত শুনি বিহু তলিলৈ ঢপলিয়াইছে ডেকা-গাভৰুহঁত৷ ৰঙালী বিহুটিক আদৰিবলৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকলি বিহুৰ বাটকটীয়াস্বৰূপ জামুগুৰিহাটতো ৰঙালীক আদৰাৰ বাবে এইদৰেই চলিছে ব্যাপক প্ৰস্তুতি৷ ঢোল-পেপা-গগনাৰ মাতত মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ৷ কন্যকা বহুমুখী কৃষি পামৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত জামুগুৰিহাটৰ মূল কেন্দ্ৰত ৰাজ্যৰ বচা-বচা বিহুৱা-ঢুলীয়া আৰু বিহুৱতী নাচনিৰ তত্বাৱধানত চলিছে বিহু কৰ্মশালা৷ য’ত এইদৰে প্ৰায় ৫ শতাধিক কণ কণ শিশুৰপৰা আৰম্ভ কৰি ডেকা গাভৰুৱে ঢোলবাদন আৰু বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷