দুৰ্ঘটনাত পতিত বলিউডৰ মডেল-অভিনেত্ৰী মালাইকা আৰোৰা

 04/03/2022 - 15:28

 


নিউজ ডেস্কঃ বলিউডৰ মডেল-অভিনেত্ৰী মালাইকা আৰোৰা দুৰ্ঘটনাত পতিত হৈছে। তিনিখন গাড়ীৰ মাজত সংঘৰ্ষৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটো শনিবাৰে নিশা মুম্বাইৰ খোপলি অঞ্চলত সংঘটিত হৈছিল। শনিবাৰে দুপৰীয়া মালাইকাই এটা ফেশ্বন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। মালাইকাই তেওঁৰ ইনষ্টা ষ্টৰীত অনুষ্ঠানটোৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

 

দুৰ্ঘটনাৰ পাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। খোপলি আৰক্ষী থানাৰ আৰক্ষী বিষয়া শিৰিষ পাৱাৰে সংবাদ মাধ্যমক জনায় যে মুম্বাই-পুনে এক্সপ্ৰেছ পথত দুৰ্ঘটনাটো সংঘটিত হোৱা সেই স্থান ইতিমধ্যে দুৰ্ঘটনাপ্ৰৱণ অঞ্চল আছিল। এতিয়ালৈকে পোৱা বাতৰি অনুসৰি তেওঁৰ আঘাত খুব গুৰুতৰ নহয়। মালাইকাৰ ঘনিষ্ঠ বন্ধুসকলে জনোৱা অনুসৰি তেওঁৰ দেহৰ কিছু স্থানত চিলাই পৰিছে। মালাইকাৰ গাড়ীখন দুখন পৰ্যটকৰ ভানৰ মাজত পৰিছিল, সেইকাৰণে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।