গুৱাহাটীঃ কামৰূপ জিলাৰ কৃষি বিভাগৰ অধীনৰ আৰু ডিমৰীয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত অৱস্থিত কৃষি সমল কেন্দ্ৰত এদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। ৭ জুনত দিনজোৰা কাৰ্যসূচীৰে এই শিবিৰত প্ৰশিক্ষণ দিয়া হয়। শিবিৰত বিশ্ব বেংকৰ সাহাৰ্য্যত আৰম্ভ হোৱা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ কৃষি ঋণ, শস্যৰ বীমা সম্পৰ্কেও বিস্তৃত আলোচনা কৰা হয়।
কৃষি ঋণ প্ৰশিক্ষণ কাৰ্য্যসূচীত কৃষি ঋণ সম্পৰ্কে ভাষণ আগবঢ়ায় সোনাপুৰস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ উপ শাখা প্ৰবন্ধক ৰিয়াজুদ্দিন আহমেদে। শস্য বীমা সম্পৰ্কে কৃষকৰ মাজত সজাগতা অনাৰ বাবে তথ্য আগবঢ়ায় নিউ ইণ্ডিয়া ইঞ্চুৰেঞ্চৰ সঞ্জয় বৰুৱাই। অনুষ্ঠানত কৃষি প্ৰযুক্তি সম্প্ৰসাৰণ আৰু উন্নীত কৰণৰ বিষয়ে ভাষণ প্ৰদান কৰে ডিমৰীয়া উন্নয়ন খণ্ডৰ "চি এছ এছ আৰ" খণ্ড প্ৰযুক্তি প্ৰবন্ধক ৰজনী প্ৰভা কাকতি আৰু সহকাৰী প্ৰযুক্তি প্ৰবন্ধক চিন্ময় জ্যোতি থাউচেনে।