AIUDF অসমীয়া জাতিৰ শত্ৰু, AIUDFৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে...

 04/03/2022 - 18:20

 

নিউজ ডেস্কঃ চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া। AIUDFক অসমীয়া জাতিৰ এটা শত্ৰু দল আখ্যা অখিল গগৈৰ।

 

অখিল গগৈয়ে, ‘‘AIUDFৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে। অসমীয়া ভাষাক অপমানত AIUDFৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিৰূপ আচৰণ প্ৰতিফলিত হৈছে।’

 

ৰাজ্যসভা নিৰ্বাচনত AIUDF–এ আটাইতকৈ বেছি গাড্ডাৰী কৰিছে বুলি কয় অখিল গগৈয়ে।চিৰাজুদ্দিনৰ বক্তব্যক নিন্দা কৰাৰ লগতে বক্তব্য উঠাই লৈ ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ।

 

আনহাতে, বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজনে আৰু AIUDFৰ সাতজন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।