04/04/2022 - 13:34
in
নিউজ ডেস্কঃ ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড় ভ্ৰমণৰ উদ্দেশ্য হল এখন কৰ্কট চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰাই আন ছয়খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে সেইদিনা বিয়লিৰ ভাগত খনিকৰ আৰক্ষী সংৰক্ষিত ক্ষেত্ৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব। মোডীৰ ডিব্ৰুগড় ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে সমগ্ৰ অঞ্চলটোৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড়ৰ খনিকৰ আৰক্ষী সংৰক্ষিত অঞ্চল পৰিদৰ্শন কৰে।