তামুলপুৰঃ শৰাইঘাটৰ যুদ্ধ নহয় এইবাৰ তৃতীয় বিশ্ব যুদ্ধৰ ঘোষনা কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত সাংসদ নৱ কুমাৰ শৰনীয়াৰ৷ ২০২০ চনত বিটিচিত হ’ব এই বিশ্ব যুদ্ধ। এই বিশ্বযুদ্ধৰ জৰিয়তে এইবাৰ বি টি চিৰ পৰা উৎখাট কৰিব হাগ্ৰামাক। এই মন্তব্য দ্বিতীয় বাৰ নিৰ্বাচিত সাংসদ নবকুমাৰ শৰণীয়ৰ।
আজি বাক্সা জিলা জাৰতালুক গাওঁ উন্নয়ন সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুস্থানত অংশগ্ৰহণ কৰি এই হুংকাৰ দিয়ে সাংসদগৰাকীয়ে৷ বিগত লোকসভা নিৰ্বাচনত মোদীৰ ছুনামীত দেশৰ বিভিন্ন ৰাজনৈতিক দল, নেতা বিধ্বস্ত হ’লেও নৱ কুমাৰ শৰনীয়াৰ একো ক্ষতি নহ’ল আৰু পৰবৰ্তী সময়তো নহ’ব৷ ৰাইজে যি আশা লৈ নৱ শৰণীয়াক ভোট দিছে সেই আশা এইবাৰ পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ভাষণ প্ৰসঙ্গত সাংসদগৰাকীয়ে কয় মোদীৰ ছুনামীত বহু দল উটি গ’ল কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিত নৱকুমাৰ শৰণীয়াৰ কোনো ক্ষতি নহ’ল আৰু পৰবৰ্তী সময়তো নহ’ব৷ পুনৰবাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে বিটিচিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে সাংসদগৰাকীয়ে৷ জাৰতালুক গাঁও উন্নয়ন সমিতিৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে আজিৰ এই সম্বৰ্ধনা সভাত গামোচা, ফুলাম জাপি, শৰাইৰে নৱ নিৰ্বাচিত সাংসদগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে৷