গ্ৰেমী এৰ্ৱাড জয় ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ

 04/04/2022 - 18:21

 


নিউজ ডেস্কঃ ভাৰতবাসীক গৌৰৱান্বিত কৰি দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় কৰিলে ভাৰতীয় সুৰকাৰ ৰিকি কেজে। ‘ডিভাইন টাইডছ’ নামৰ মিউজিক এলবাম খনৰ বাবে ৰিকি কেজলৈ আগবঢ়োৱা হ’ল গ্ৰেমী।১৯৫৯ চনৰ পৰা প্ৰত্যেক বছঠৰেই অনুষ্ঠিত হৈ আহিছে এই গ্ৰেমী এৱাৰ্ডছ। এই বৰ্ষৰ গ্ৰেমী এৱাৰ্ড প্ৰদান অনুষ্ঠান প্ৰথমে অনুষ্ঠিত হোৱাৰ কথা আছিল ৩১ জানুৱাৰীত।

 

কিন্তু আন বহু অনুষ্ঠানৰ দৰেই কৰোণা ভাইৰাছৰ অমিক্ৰন প্ৰজাতিৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল। সেয়েহে আমেৰিকাৰ নেভাডাৰ লাছ ভেগাছৰ এমজিএম গ্ৰেণ্ড গাৰ্ডেন এৰেনাত অনুষ্ঠিত হৈছিল ৬৪সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।