ন-পুৰণি শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানেৰে শিৱসাগৰত অনুষ্ঠিত হ'ল ঈদৰ সুৰীয়া সন্ধ্যা

 06/08/2019 - 17:34

শিৱসাগৰ: শুকুৰবাৰে শিৱসাগৰৰ নাট্যমন্দিৰত সুপ্ত সংগীত প্ৰতিভাক আদৰি আনি মাটিৰ গোন্ধ থকা গীত মাত আৰু সুৱদী সুৰীয়া গীত বাদ্যক লৈ সমাজৰ দুষ্কৃতি বিনাশৰ লক্ষ্যৰে শিৱসাগৰৰ ন পুৰণি সাংস্কৃতিক কৰ্মীৰ এক অবিৰত যাত্ৰা সুৰ জাগৃতি মঞ্চই ঈদৰ সুৰীয়া সন্ধ্যা শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক তথা সমন্বয়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। য'ত শিৱসাগৰৰ বহু প্ৰতিভাৱান শিল্পীয়ে বিভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

সমাজৰ অপ শক্তিক বিনাশ কৰি কলা সংস্কৃতিৰ জৰিয়তে একতাৰ এনাজৰী ডাল আৰু দৃঢ় কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰে সুৰ জাগৃতি মঞ্চই। অনুষ্ঠানত শিল্পীসকলে জিকিৰ, বৰগীত, অসমীয়া-হিন্দী গীত গোৱাৰ উপৰি হাৱাইন গিটাৰ, মাউঠ অৰগেনসহ প্ৰায় ২৫ টা অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।