বিয়াৰ বতাহ বলিছে বলিউডত, পোহৰলৈ আহিল ৰণবীৰ-আলিয়াৰ বিয়াৰ তাৰিখ

 04/05/2022 - 14:06

 


নিউজ ডেস্কঃ অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই অহা ১৭ এপ্ৰিলত বিয়াত বহিব বলিউডৰ জনপ্ৰিয় তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। আলিয়া ভাটৰ ককাদেউতাকৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়ে অহা ১৭ এপ্ৰিলত বিয়াত বহাৰ সিদ্ধান্ত লৈছে দুয়ো। অৱশ্যে আন তাৰকাৰ বিয়াৰ দৰে এইখন বিয়া বিশেষ আড়ম্বড়পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই। একেবাৰেই ঘণিষ্ঠ আৰু কমসংখ্যক মানুহৰ উপস্থিতিত এইখন বিয়া অনুষ্ঠিত হ'ব। অৱশ্যে ৰণবীৰ কাপুৰৰ দুই-তিনিজন ঘণিষ্ঠ তাৰকাক বিয়ালৈ মতাৰ কথা জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।