হাউলীস্থ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ ব্যাপক লুন্ঠণৰাজ

 06/08/2019 - 17:45

হাউলীঃ বৰপেটা জিলাৰ হাউলীস্থ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অঙ্গনবাদী কেন্দ্ৰসমূহৰ কৰ্মী-সহায়িকাসকলক চৰকাৰে বেংক একাউন্টত "অনলাইন"ৰ জৰিয়তে দৰমহা দিবলৈ লোৱা প্ৰক্ৰিয়াৰ ফলত কৰ্মী আৰু সহায়িকাসকলে বাৰুকৈ জীয়াতু ভুগিবলগীয়া হৈছে| প্ৰাপ্ত অভিযোগ অনুসৰি হাউলীস্থ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৩৮৮ টা কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলে বিগত মাৰ্চ,এপ্ৰিল আৰু মে মাহৰ দৰমহা পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।

 ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক প্ৰতি মাহে চৰকাৰী নীতিৰ আধাৰত আদায় দিয়া হয় যদিওঁ আজি ৩ মাহ ধৰি কেন্দ্ৰ সমূহৰ মহিলা কৰ্মচাৰীসকলক (বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ)দৰমহা আদায় নিদিয়াটো মন কৰিবলগীয়া। শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীৰ একপক্ষীয় মনোভাৱৰ বাবে এপ্ৰিল মাহৰ পৰা আদায় দিয়া হ'ব বুলি কৈ ঈদৰ আগতে গোটেইখিনি দৰমহা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ,কিন্তু ঈদ পাৰ হৈ গ'ল দৰমহা আদায় নাপালে। 

ইয়াৰ উপৰি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াগৰাকীক বছৰত এবাৰ হিচাপ পৰীক্ষাৰ বাবে প্ৰতিটো কেন্দ্ৰৰ পৰা এহাজাৰ টকা,কেন্দ্ৰ সমূহৰ ৰেজিষ্টাৰ বহীত কাউন্টাৰ চহীৰ বাবে তিনি হাজাৰ আৰু প্ৰতি গৰাকী কৰ্মী-সহায়িকাৰ দৰমহাৰ বিল বনোৱা বাবদ পঞ্চাশ টকাকৈ আদায় দিব লাগে বুলি কৰ্মীসকলে উত্থাপন কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ বৰপেটা জিলা আমছুৰ উপ সভাপতি আব্দুল জুব্বাৰ আলীয়ে দাবী জনাইছে।বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত কেনেধৰণৰ কাৰ্যব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।