ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

 06/08/2019 - 18:57

বৰপেটাঃ বৰপেটাৰ বহৰিত শুকুৰবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উদ্ধাৰ কৰে এচডিআৰএফ বাহিনীয়ে। মৃত ছাত্ৰগৰাকী কলতলীৰ জামাল মিঞাৰ পুত্ৰ চাকিব মিঞা(৮)।

শুকুৰবাৰে বহৰি পাৰঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল চাকিব। শুকুৰবাৰেও এচডিআৰএফ বাহিনীয়ে ছাত্ৰগৰাকীৰ উদ্ধাৰ অভিযান চলাইছিল।

আজি পুৱা ১০.৪৫ বজাত এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে ছাত্ৰগৰাকীৰ মৃতদেহ। বৰ্তমান ছাত্ৰগৰাকীৰ মৃতদেহ তাৰাবাৰী আৰক্ষীৰ থানাত ৰখা হৈছে। আজিয়েই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।