ৰণবীৰ-আলিয়াৰ বিয়া, কিমানজন অতিথিক নিমন্ত্ৰণ দিয়া হ'ব বিয়াত..

 04/10/2022 - 17:35

 

নিউজ ডেস্কঃ অহা সপ্তাহত বিবাহপাশত আৱদ্ধ হ'ব আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে। যদিও ৰণবিৰ-আলিয়াই এতিয়াও তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰা নাই কিন্তু বিবাহৰ তাৰিখকলৈ বহুতেই বাতৰি প্ৰকাশ কৰি আছে। ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিলৰ ভিতৰত বিয়া হ'ব বুলি খবৰ ওলাই আছে। বাতৰিটোত এইটোও দাবী কৰা হৈছে যে দৰা-কইনাই অনুষ্ঠানটোত মাত্ৰ ৪৫ৰ পৰা ৫০ জন অতিথিকহে নিমন্ত্ৰণ কৰিব বুলি খবৰ আহিছে। বাতৰি মতে বিয়াৰ প্ৰতিটো অনুষ্ঠানতে কোনো লোকে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। ৰণবীৰৰ আইতা কৃষ্ণা ৰাজ কাপুৰৰ বাসগৃহটো পোহৰেৰে সজাই তোলা হৈছে। ঘৰৰ ভিডিঅ'বোৰ এজন সাংবাদিকে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যিটোৱে ইংগিত দিছে যে বিবাহৰ প্ৰস্তুতি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।