সদৌ ধুবুৰী জিলা ছাত্র সন্থাৰ উদ্যোগত ৰাজহুৱা সভা

 04/11/2022 - 14:33

 

চাপৰঃ ধুবুৰী জিলাৰ চাপৰ প্ৰগতি ভৱনত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, চাপৰ আৰু বহলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক অধিৱেশন উপলক্ষে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

 

নৱগঠিত অভ্যৰ্থনা সমিতি খনত কন্দৰ্প বৰপুজাৰীক সভাপতি, পিয়াৰ উদ্দিন আহমেদক কাৰ্যকৰী সভাপতি, ভাৰ্গৱ কলিতাক বিত্ত সম্পাদক, দিলিপ দাস, প্ৰনতি অধিকাৰী আৰু চন্দ্ৰা বৰ্মনক আলোচনী সম্পাদক, মজানুৰ আলী(বিকি), সঞ্জয় দাস আৰু অনিতা দাসক আলোচনী সম্পাদক, আৰিফুল হুছাইনক প্ৰচাৰ সম্পাদক আৰু সাধাৰণ সম্পাদক হিচাপে বাবু জিতু ৰায়ক দায়িত্ব দি সৰ্বমুঠ এশজনীয়া সদস্যৰে এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা দেখা যায়। উক্ত অভ্যৰ্থনা সমিতিয়ে পৰবৰ্তী বৈঠকত মিলিত হৈ অধিৱেশনৰ দিন তাৰিখ নিৰ্ধাৰণ কৰিব বুলি জানিব দিয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।