ভোটপুখুৰী প্ৰাথমিক বিদ্যালয়ত চৰম অৰাজকতা

 06/08/2019 - 19:25

খাৰুপেটিয়াঃ দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগত চলিছে ব্যাপক দুৰ্নীতি। প্ৰধান শিক্ষকৰ অৰাজকতাৰ বাবেই এখন বিদ্যালয়ত আঠ মাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হবলগীয়া হৈছে ছাত্র-ছাত্ৰী। জানিব পৰা মতে দৰং জিলাৰ দলগাওঁ শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ভোটপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকজনে চলাইছে ব্যাপক দুৰ্নীতি। বিদ্যালয় খনত ছাত্র ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি সম্পূৰ্ণ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰধান শিক্ষকজনে পৰিচালনা সমিতিৰ সভাপতিৰ চহী জাল কৰি তেওঁৰ অজ্ঞাতে বেংকৰ পৰা মাজে সময়ে মধ্যাহ্ন ভোজনৰ ধন লেনদেন কৰা বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে সভাপতি জনে। তাৎপৰ্যপূৰ্ণ কথা হ’ল বিদ্যালয়সমূহত মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ দ্বাৰা সাপ্তাহিক নাইবা পোন্ধৰ দিনৰ মূৰে মূৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনকে আদি কৰি শিক্ষা ব্যৱস্থাৰ ওপৰত পৰিদৰ্শন কৰি প্ৰতিবেদন দিয়ে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কজনে। লগতে প্ৰধান শিক্ষকে ছাত্র-ছাত্ৰীসকলৰ মাজত মধ্যাহ্ন ভোজন বিতৰণ কৰাৰ মাহিলী প্ৰতিবেদন বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰাটো বাধ্যতামূলক।

কিন্তু মধ্যাহ্ন ভোজন বিতৰণ নকৰি আঠ মাহত কি প্ৰতিবেদন দাখিল কৰিছিল বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে? কেইবামাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হোৱা বিদ্যালয়খনত কেনেকুৱা ধৰণৰ পৰিদৰ্শন কৰিলে কেন্দ্ৰৰ সমন্বয়কজনে? সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। কেৱল মধ্যাহ্ন ভোজনেই নহয় চৰকাৰে বছৰে বছৰে যোগান ধৰা বিদ্যালয়ৰ আন্তঃগাথনিৰ ধনৰ লগতে ছাত্র-ছাত্ৰী সকলৰ মাজত বিতৰণ কৰা ইউনিফৰ্ম বিতৰণতো চলাইছে লুণ্ঠন।বিদ্যালয়ৰ পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি কোনো ধৰণৰ খৰচ নকৰাকৈ বিদ্যালয়ৰ আন্তগাথনিৰ ধন আত্মসাত কৰাৰ অভিযোগ প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে।

আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা ইউনিফৰ্মৰ নামতো কাপোৰ যোগান ধৰা নিবিদা এন্টাৰপ্ৰাইজৰ পৰা মোটা অংকৰ কমিছন সংগ্ৰহ কৰি অতি নিম্ম মানৰ সাজ পোচাক যোগান ধৰাৰ অভিযোগ উঠিছে শিক্ষক জনৰ বিৰূদ্ধে। লগতে বিদ্যালয়খনত প্ৰায় ৯০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে তিনিজন শিক্ষক আছে যদিও সহকাৰী শিক্ষক দুজনৰ উপস্থিতি অনিয়মীয়া। শিক্ষক দুজনে বিভাগীয় কৰ্তৃপক্ষক নজনোৱাকৈয়ে বিদ্যালয়ত অনিয়মিত ভাৱে উপস্থিত হোৱাৰ অভিযোগ তুলিছে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে। মধ্যাহ্ন ভোজন আৰু শিক্ষকৰ অনিয়মীয়া উপস্থিতি সম্পৰ্কে পৰিচালনা সমিতিৰ সভাপতিয়ে প্ৰধান শিক্ষকক অৱগত কৰিলেও কোনো ধৰণৰ কাণসাৰ নিদিয়ে প্ৰধান শিক্ষকজনে । গুৰু গোহাঁই নমনা এইজন প্ৰধান শিক্ষকৰ বিৰূদ্ধে উচিত তদন্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।