ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত তিনিদিনীয়াকৈ অসমী বহাগী মেলাৰ আয়োজন

 04/11/2022 - 17:33

 

ধুবুৰীঃ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী। ৰাজ্যজুৰি বিহুটিক আদৰাৰ ব্যপক প্ৰস্তুতি চলিছে। পিছপৰি থকা নাই ধুবুৰী। প্ৰথমবাৰৰ বাবে বিহু উপলক্ষে ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তিনিদিনীয়াকৈ অসমী বহাগী মেলাৰ আয়োজন কৰা হৈছে। ত্ৰিশটাকৈ বিপনি স্থাপন কৰা হৈছে এই মেলাত। চিৰা, পিঠা, লাড়ু আদিকৰি বিভিন্ন পৰম্পৰা খাদ্য সম্ভাৰৰ লগতে অসমীয়া সাজ পাৰ আৰু পোচাক আদি উপলব্ধ এই বহাগী মেলাত। আনপিনে তিনিদিনীয়া মেলাত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিকে ধৰি বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই মেলাত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।