ধিঙৰ বড়ো-কছাৰী লোকসকলৰ মাজতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

 04/11/2022 - 17:48

 

বটদ্ৰৱাঃ ৰাজ্যত চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বহা'গ বিহুৰ প্ৰাকমুহূৰ্তত চৌদিশে এতিয়া ঢোল পেপাৰ মাতত ৰাজ্যবাসী আনন্দত আত্মহাৰা। তাৰে সমান্তৰালকৈ বাদ পৰি ৰোৱা নাই বৃহত্তৰ ধিং অঞ্চলৰ বড়ো কছাৰী লোকসকলো। প্ৰতি বছৰে আয়োজন কৰি অহা চহৰীয়াৰ ৰংজালী বৈশাগু উৎসৱটিৰ বাবে এইবেলিও লৈছে তিনিদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে প্ৰস্ততি। পৰম্পৰাগতভাৱে খেল-ধেমালিৰ লগতে বড়ো সকলৰ স্বকীয় নৃত্য শৈলীৰে এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো প্ৰয়াস কৰিছে ধিঙৰ চহৰীয়া ৰাইজে। তাকে লৈ চহৰীয়া গাঁৱৰ কণমানি সকলৰ পৰা সকলো ডেকা গাভৰু বোৱাৰী জীয়ৰী জ্যেষ্ঠ সকলো ব্যস্ত বড়ো জনগোষ্ঠীয় নৃত্য আখৰাত। কোনোৱে যদি পঞ্চ বাদ্যৰ শব্দত ককাল ভাঙি নাচিছে আন কোনোৱে হাত চাপৰিৰে উৎসাহ দিছে এইসকল শিল্পীক। মুঠৰ ওপৰত বৰ অসমৰ প্ৰতিটো জাতি-জনজাতিয়ে যেন বহা'গৰ প্ৰাকমুহূৰ্তত ব্যাপক উচ্ছাহ উদ্দিপনা। উল্লেখ্যনীয় বিষয় যে চহৰীয়া ৰংজালী বৈশাগু সমিটিয়ে ইতিমধ্যে ৪৯ টা বছৰ অতিক্রম কৰিছে। সেয়েহে  উৎসৱটি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিবৰ বাবে অসম চৰকাৰে ধাৰ্য্য কৰা অনুদানটিৰ বাবে কৃপা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।