১৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন বোকাজানৰ সামাজিক অনুষ্ঠান পেচিফিক ছ'চাইটিৰ

 06/08/2019 - 19:35

বোকাজানঃ বোকাজান সাৰ্বজনীন কালীবাড়ি প্ৰাংগনত বোকাজান নগৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান পেছিফিক ছ'চাইটিৰ উদ্যোগত শনিবাৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ বোকাজান নগৰৰ অন্তৰ্গত তথা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ তিনিটা পৰীক্ষা কেন্দ্ৰ ক্ৰমে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্গত মুঠ ২৪ খন বিদ্যালয়ৰ পৰা ২০১৯ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ ১৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক এখনকৈ ফুলাম গামোছা, প্ৰশস্তি পত্ৰ আৰু একোটিকৈ স্মাৰকেৰে সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে৷

উল্লেখ্য যে এই অভিনন্দন অনুষ্ঠানত বিষ্ণুৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পিংকী বৰ্মন নামৰ পিতৃ-মাতৃহাৰা এগৰাকী ছাত্ৰীক বোকাজান পেছিফিক ছা'চাইটিৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে নগদ ৫০০১ টকা আৰ্থিক সাহাৰ্য আগবঢ়াই ৷ ছাত্ৰীগৰাকীয়ে এইবাৰ আনৰ ঘৰত থাকি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ ইপিনে আজিৰ এই অনুষ্ঠানত এম বি বি এছ পৰীক্ষাত অসমৰ ভিতৰত ৫১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হোৱা বোকাজান নগৰৰ বাসিন্দা সুনীল দে'ৰ পুত্ৰ সৌমাৰ শংকৰ দে'ক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে যোৱা মে' মাহত পুনেত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত তবলা প্ৰতিযোগিতাত জুনিয়ৰ শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা শ্ৰেয়া ভট্টাচাৰ্যীকো এখন ফুলাম গামোছা, এখন প্ৰশস্তি পত্ৰ আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷

আনহাতে অসম সাংস্কৃতিক মহাসভাৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক বোকাজানৰ বিশিষ্ট চিকিৎসক ডাঃ ডিম্বেশ্বৰ ভঁৰালী আৰু বোকাজানৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক দুলাল দত্তক আজিৰ এই অনুষ্ঠানতে উদ্যোক্তাসকলে বিশেষভাৱে সম্বৰ্ধনা জনায় ৷ পেচিফিক ছ'চাইটিৰ সভাপতি সুভাষ দেৱনাথৰ পৌৰো্হিত্যত অনুষ্ঠিত আজিৰ এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকন ৷

আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ক্ৰমে বোকাজান পৌৰসভাৰ পৌৰপতি বিনোদ শ্বাহ, ১৫৫ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কামাণ্ডেণ্ট মুকেশ ত্যাগী, বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমীৰ মজুমদাৰ, প্ৰাক্তন অধ্যক্ষ পৰেশ চন্দ্ৰ ৰয়, অসম সাংস্কৃতিক মহাসভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক থানেশ্বৰ নেওগ, সমাজকৰ্মী দুলাল দত্ত, চিকিৎসক ডিম্বেশ্বৰ ভঁৰালী, বোকাজান নগৰৰ ৱাৰ্ড কমিছনাৰ ৰাজীৱ বৰ্দ্ধন আৰু ৰজত দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনকে আদি কৰি বোকাজানৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি৷

উল্লেখ্য যে আজিৰ এই অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে বোকাজানৰ ৰাইজে আজি যিসকল ছাত্ৰ-ছাত্ৰীক অভিনন্দন তথা আশীৰ্বাদ জনাইছে, সেইসকল ছাত্ৰ-ছাত্ৰীক লৈ বোকাজানবাসীয়ে যথেষ্ট আশা কৰে আৰু সপোন দেখে ৷ সমাজে জনোৱা এই মৰম আৰু অভিনন্দনক ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো কাৰণতে পাহৰি নাযায়, তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিবলৈ কোৱাৰ লগতে শিক্ষা আৰু জ্ঞানেৰে নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলি সমাজখনলৈ, জাতিটোলৈ, ৰাজ্য তথা দেশখনৰ প্ৰতি সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।