ৰাখীৰ সাৱন্তৰ হাতত ধৰি নিশা জন্মদিনৰ পাৰ্টীলৈ যোৱা অৰ্ধনগ্ন কোন এইগৰাকী উৰফি?

 04/12/2022 - 17:36

 

 


নিউজ ডেস্কঃ চছিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য আৰু ভিডিঅ’ৰ জৰিয়তে সৰব হৈ থাকে ৰাখী সাৱন্ত৷ প্ৰতিটো দিনতে ৰাখীৰ দেখিবলৈ পোৱা যায় নতুন নতুন ৰূপ৷ এইবাৰ নিজৰ চুলিখিনিকেই সলনি কৰি পেলালে ৰাখীয়ে৷ সোণোৱালী ৰঙৰ কৰি পেলোৱা হ’ল ৰাখীৰ চুলি৷ নতুন ৰূপ ধাৰণ কৰি ৰাখী গৈ উপস্থিত হ’ল নিশান ভাটৰ জন্মদিনৰ পাৰ্টীত৷ নিশা অনুষ্ঠিত এই জন্মদিনৰ পাৰ্টীত ৰাখীৰ হাতত ধৰি আগবাঢ়ি আহিল আন এগৰাকী সুন্দৰী৷ কেমেৰাৰ সন্মুখতে নিশান ভাটক সাৱতি ধৰি চুমাৰে উপচাই পেলোৱা এই সুন্দৰী আন কোনো নহয় এওঁৰ নাম উৰফি জাভেড৷ শেহতীয়াভাৱে অৰ্ধনগ্ন পোচাক পিন্ধি সৰৱ আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰা উৰফিয়ে বাৰ্থডে পাৰ্টীত চামী গীতটোত ৰাশীৰ হৈতে নৃত্য প্ৰদৰ্শন কৰিলে৷ আপুনি ফটোত দেখা এইগৰাকী উৰফিয়ে সাংবাদিকৰ আগত প্ৰায়ে এটা উত্তৰ দিয়ে ‘মোৰ এগৰাকী আদৰ্শবান পত্নী হোৱাৰ মন’৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।