মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰত পয় চাংকেন উৎসৱ উদযাপন

 04/14/2022 - 17:58

 


মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত প্ৰথমবাৰৰ বাবে এইবাৰ পালন কৰা হৈছে পয় চাংকেন উৎসৱ। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে তাই জনগোষ্ঠীৰ পয় চাংকেন উৎসৱ। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ পয় চাংকেন। পৰম্পৰাগত অনুসৰি গৰু বিহুৰ দিনাই বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ মূৰ্তি সমূহ পবিত্ৰ ৰীতি-নীতি অনুসৰি বাহিৰলৈ আনি এক নিৰ্দিষ্ট স্থানত ৰাখি মূৰ্তি সমূহ পানীৰে ধুৱাই পৰিস্কাৰ কৰা হয়। লগতে মন্দিৰৰ চৌপাশ পানীৰে ধুই পৰিস্কাৰ কৰে, পৰম্পৰাগত অনুসৰি গাঁওখনৰ সকলো একত্ৰিত হৈ বৌদ্ধ মূৰ্তি পৰিস্কাৰ কৰাৰ লগতে মন্দিৰৰ চৌপাশ পৰিস্কাৰ কৰে। জনগোষ্ঠীটোৰ বিশ্বাস মতে এনেদৰে পৰিস্কাৰ কৰিলে গাঁওখনৰ অপায় অমঙ্গল দূৰ হয় আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰে। এই পানী ছটিওৱা পৰ্ব শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক হিচাপে বিবেচিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।