পৃথিৱীৰ আটাইতকৈ সফল স্বাস্থ্যমন্ত্ৰী কোন জানো আহক

 06/08/2019 - 19:46

জ্ঞানেন চক্ৰৱৰ্তীঃ পৃথিৱীৰ আটাইতকৈ সফল স্বাস্থ্যমন্ত্ৰী এই মুহূৰ্তত কিউবাৰ ডাঃ ৰবাৰ্টো মৰেলেচ ওডেজা। বিশ্বৰ আটাইতকৈ সফল স্বাস্থ্যসেৱাৰ দেশ কিউবা। দেশখনত কোনো প্ৰাইভেট হাস্পতাল নাই। প্ৰতিগৰাকী ডাক্তৰেই চৰকাৰী চাকৰিয়াল। কোনো প্ৰাইভেট ডাক্তৰ নাই।স্বাস্থ্যসেৱা দেশখনৰ মৌলিক অধিকাৰ।

ইয়াত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা। প্ৰতি এহেজাৰ লোকৰ বাবে ৮ জন চিকিৎসক। এয়া আজিৰ তাৰিখত বিশ্ব ৰেকৰ্ড। আমেৰিকা ইংলেণ্ডত ১০০০ লোকৰ বাবে ৩ জন চিকিৎসক থাকে। ৱাছিংটনৰ পৰা ৯০ কিমি দূৰৈত দেশখন।যিবোৰ বেমাৰৰ চিকিৎসা কৰালে আমেৰিকাত বছৰি খৰচ হয় প্ৰায় ৯০০০ ডলাৰ, সেই একেই চিকিৎসাত এই দেশখনত খৰচ হয় ৮১৩ ডলাৰ।

মানুহৰ জীৱনৰ গড় আয়ুস ৭৯ বছৰ। এয়াও বিশ্বৰেকৰ্ড।চিকিৎসকসকলে বছৰি ৭০ লাখ টকাৰ পৰা এককোটি চল্লিশ লাখ টকালৈকে দৰমহা পায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল বছৰত অতি কমেও এবাৰকৈ হ’লেও প্ৰতিটো পৰিয়ালৰ সমুখৰ দুৱাৰখনত চিকিৎসকে ঢকিয়াবই লাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.