নুমলীগড়ঃ আজি পহিলা ব'হাগ। আজি পহিলা ব'হাগৰ দিনা অসম সাহিত্য সভাৰ এক আদৰণীয় পদক্ষেপ। নুমলীগড়ৰ কাষৰীয়া মৰঙী মৌজাৰ অন্তৰ্গত আজি কিছুদিন পুৰ্বে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এটি শাখা বিজুলী শাখা সাহিত্য সভা।
আজি পুৱাতেই বিজুলী শাখা সমিতিৰ সভাপতি- দ্বীপেন দত্ত, উপ-সভাপতি প্ৰাঞ্জল শইকীয়াৰ লগতে কেইবাজনো বিষয়-ববীয়াই মৰঙী অঞ্চলৰ বালিজানৰ সমাজ কৰ্মী-কমৰূল ইছ্লাম, পোৰাজংঘল গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক- ঘনশ্যাম বৰা, বিশিষ্ট সমাজপ্ৰিয় ব্যক্তি-সোমেশ্বৰ গগৈ, বিশিষ্ট সমাজপ্ৰিয় ব্যক্তি নন্দ ভৰালী আদি ব্যক্তিসকলক ঘৰে-ঘৰে গৈ ওলগনি পত্ৰৰ লগতে একোখনিকৈ জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা আগবঢ়াই।
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা ওলগনি পত্ৰৰ বাবে অঞ্চলটিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে অসম সাহিত্য সভাৰ লগতে বিজুলী শাখা সাহিত্য সভাক অশেষ শলাগ লয় আদৰণিয় পদক্ষেপৰ বাবে। বিজুলী শাখা সমিতিৰ বিষয়ববীয়া সকলক একোখনকৈ জাতীয় বস্ত্ৰেৰে বিশিষ্ট ব্যক্তি সোমেশ্বৰ গগৈ দেৱে আগবঢ়াই লগতে বিহুৰ ওলগ জনায়।
বিজুলী শাখা সাহিত্য সভাৰ সভাপতি দ্বীপেন দত্তৰ লগতে উপসভাপতি প্ৰাঞ্জল শইকীয়াই সংবাদ মাধ্যমৰ আগত অসম সাহিত্য সভাৰ এই পদক্ষেপৰ কথা লগতে নকৈ জন্ম লোৱা শাখাটিৰ উত্তৰণৰ বাবে আগন্তুক দিনত ৰাইজৰ সহযোগিতা কামনা কৰি সকলোকে ৰঙালীৰ ওলগ জনায় ভাষ্য ৰাখে।
ক'ব পাৰি যে পহিলা ব'হাগৰ দিনটোত অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ লগতে বিস্তৃত মুৰফুলানী, ফুলবাৰী, পোৰাজংঘল, বগীজান অঞ্চলক সামৰি গঠিত বিজুলী শাখা সাহিত্য সভাৰ এইয়া এক আদৰণীয় পদক্ষেপ। চিৰ চেনেহী মোৰ ভাষা জননী।