শিৱসাগৰঃ বগীদ'ল সন্মীলিত ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়৷ বগীদ'ল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়৷
সভাত ২০১৯ বৰ্ষৰ শৈক্ষিক বঁটা কমৰেড দিলীপ বেজবৰুৱাৰ সোঁৱৰণিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃষ্ণমণি চুতীয়াক প্ৰদান কৰে৷ ৪৩ জন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা উক্ত সভাখনত সংস্কৃতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ অনুপ গগৈয়ে শিক্ষা সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷
বগীদ'ল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক কমল কোঁৱৰে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন প্ৰধান শিক্ষক উমা চুতীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল বেজবৰুৱা, হেমধৰ চুতীয়া আৰু ডিভাইন গ্ৰেচ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেভ আৰন গনাদাসৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাখনৰ আঁত ধৰে বগীদ'ল সন্মীলিত ৰঙালী বিহু উদযাপন সমিতিৰ মুখ্য সম্পাদক ভাস্কৰ জ্যোতি বেজবৰুৱাই।