আজি গোসাঁই বিহু, বটদ্ৰৱা থানত সেৱা ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 04/16/2022 - 17:12


নিউজ ডেস্কঃ আজি গোসাঁই বিহু। আজি গোসাঁই বিহুৰ দিনটোতে বটদ্ৰৱা থানত সেৱা লৈছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকী পুৱা হেলিকপ্টাৰেৰে অৱতৰন কৰি পোনে পোনে বটদ্ৰৱা থানৰ নাটঘৰৰ মজিয়া উন্নীতকৰণ কাৰ্যৰ ফিটা কাটি মুকলি কৰে, পাছত বটদ্ৰৱা থানৰ কীৰ্তনঘৰত মুৰ দোৱাই অসম চৰকাৰৰ তৰফৰ পৰা ২০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হবলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়, দামোদৰ আতা যাত্ৰী নিৱাস, সত্ৰাধিকাৰ চৰা, আলোচনাগৃহৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভণি কৰিব। পৰবৰ্তী সময়ত আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱক সম্বোধন কৰিব। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।