ৰহাৰ লুটুমাৰীৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱত ফাৰ্মাছিষ্টে ৰোগীক কৰে চিকিৎসা

 06/08/2019 - 20:28

কামপুৰঃ পৰিৰ্বতনৰ শ্লগান দিয়া চৰকাৰৰ দিনত অপৰিৱৰ্তিত ছবি। চাৰিজন কৰ্মচাৰীৰে চলিছে চৰকাৰী চিকিৎসালয়। চিকিৎসকৰ অভাৱৰ কাৰণে ফাৰ্মাছিষ্টে ৰোগীক চলাই চিকিৎসা। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অতিকে ভিতৰুৱা অঞ্চল লুটুমাৰী অঞ্চলত থকা একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থাই পৰিৱৰ্তনৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে।

এটা সময়ৰ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী সভাৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তেওঁ।ৰহা সমষ্টিতে ৰাজনৈতিক জীৱনৰ পাতনি মেলা তেতিয়াৰ ৰহা সমষ্টিবাসীৰ মৰমৰ লৰাটোৱে এতিয়া ৰহা সমষ্টিবাসীক পাহৰিলে। পাহৰিবই কাৰণ তেওঁ এতিয়া ৰাজ্য চৰকাৰৰ এজন ব্যস্ত মন্ত্ৰী। স্বাস্থ্য মন্ত্ৰী পিযুষ হাাজৰীকাই নিজ হাাতৰে গঢ়দিয়া চিকিৎসাালয়খনৰ কথা পাহৰিলে।

২০১২ চনত ১৩ মাৰ্চত পিযুষ হাজৰীকাই নিজ হাতৰে আধাৰশিলা কৰিছিল লুটুমাৰি প্ৰাথমিক চিকিৎসালযখন। ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ কথা কৈ আহিছে যদিও এই চিকিৎসালয়খনত চিকিৎসকৰ অভাৱত ৰোগীক চিকিৎসা কৰে ফাৰ্মাছিষ্টে। মাথোন এগৰাকী নাৰ্চ; এজন ফাৰ্মাছিষ্ট; দুজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ দ্বাৰাই পৰিচালিত হৈ আছে।

ইফালে চিকিৎসালয়খনৰ এনে দুৰৱস্থাৰ মাজতে চিকিৎসালয়খনৰ আন এজন ফাৰ্মাছিষ্ট হমায়ুন ৰছিদক কচুৱা মডেল হাস্পতালৰ লগত সংযোগ কৰি দিয়াত বিপদে দেখা দিছে স্বাস্থ্য কেন্দ্ৰটোত। ফ্লৰাইডকে ধৰি বিভিন্ন ৰোগত সঘনে আক্ৰান্ত হৈ থকা অঞ্চলটোৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিয়োগ কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।