হৰভজন সিঙে কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব... নিউজ ডেস্কঃ ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা হৰভজন সিঙে শনিবাৰে ঘোষণা কৰিছিল যে তেওঁ কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব। তেওঁ কয় যে ৰাজ্যসভাৰ স

 04/16/2022 - 18:41

 

নিউজ ডেস্কঃ ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা হৰভজন সিঙে শনিবাৰে ঘোষণা কৰিছিল যে তেওঁ কৃষক কন্যাসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে ৰাজ্যসভাৰ দৰমহা ব্যয় কৰিব। তেওঁ কয় যে ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ “দেশৰ উন্নতিৰ” বাবে সকলো সম্ভৱ প্ৰয়াস কৰিব।হৰভজন সিঙে কিছু দিন পূ্ৰ্বে পঞ্জাৱৰ আম আদমী পাৰ্টিত যোগদান কৰিছিল, যাৰ পিছত দলটোৱে তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে মনোনীত কৰিছিল। শনিবাৰে টুইট কৰি কয়, ‘ৰাজ্যসভাৰ সদস্য হিচাপে মই কৃষকসকলৰ কন্যাসকলৰ শিক্ষা আৰু সামাজিক কামৰ বাবে ৰাজ্যসভাৰ দৰমহা দিব বিচাৰো। মই মোৰ দেশৰ উন্নয়নত অৰিহণা যোগাব বিচাৰো আৰু মই যিমান পাৰো সেয়া কৰিম’।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।