বুঢ়িদিহিং নদীত সলিল সমাধিঃ দুদিনে সন্ধান নাই এজন ব্যক্তিৰ

 06/08/2019 - 20:39

খোৱাংঃ ডিব্ৰুগড় জকাইত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আত্মীয়ৰ খবৰ ল'বলৈ গৈ ঘূৰি আহোতে খোৱাং খামটি ঘাটৰ বুঢ়িদিহিং নদীত সলিল সমাধি ঘটি আজিও সন্ধান নাই এজন ব্যক্তিৰ। প্ৰাপ্ত খবৰ অনুসৰি কালি খোৱাঙৰ ২ নং চৰাইহাবি গাঁ‌ৱৰ নিবাসী খগেন হাজৰিকা নামৰ ব্যক্তিজনে ডিব্ৰুগড় জকাইত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হোৱা মৃতকৰ আত্মীয়ৰ ঘৰত খবৰ কৰি ঘূৰি আহি খামটি ঘাটৰ বুঢ়ীদিহিং নদী পাৰ হওঁ‌তে নদীৰ মাজতে সন্ধানহীন হৈ পৰে।

নদীৰ বুকুত সন্ধানহীন হৈ পৰা ব্যক্তিজনক বিচাৰি এচ ডি আৰ এফে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে ব্যক্তিজনক উদ্ধাৰ কৰিব পৰা নাই। উল্লেখ্য যে খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খামটি ঘাটত নিৰ্মাণ কৰি থকা দলংখন সম্পূৰ্ণ নোহোৱাত অঞ্চলবাসীয়ে অনেক কষ্টেৰে যাতায়ত কৰিব লগা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।