আলিয়া-ৰনবীৰ বিয়াৰ পিছতেই কৰিস্মা কাপুৰৰ বিয়া!

 04/17/2022 - 16:19

 


নিউজ ডেস্কঃ পুনৰ চৰ্চাত কৰিস্মা কাপুৰ। আলিয়া-ৰনবীৰ বিয়াৰ পিছতেই কৰিস্মা কাপুৰৰ বিয়া! চছিয়েল মিডিয়াত সৰব চৰ্চা। পুনৰ বিয়াত বহিব কৰিস্মা! এসময়ত বলিউডত দপদপাই থকা কৰিস্মা কাপুৰ পুনৰ বিয়াত বহিব! আলিয়া-ৰনবীৰৰ বিয়াৰ মাজতে হৎঠাত চছিয়েল মিডিয়াত গৰম হ’ল কৰিস্মাৰ বিয়াৰ খবৰক লৈ। খবৰৰ আৰম্ভণি হ’ল কৰিস্মা কাপুৰৰ দুখন ফটো আৰু কালিৰা পৰম্পৰাক কেন্দ্ৰ কৰি। উল্লেখ কালিৰা হৈছে বিয়াৰ সময়ত কইনাই খাৰুৰ সৈতে পিন্ধা এক অলংকাৰ। দৰাই কইনাৰ গলত মংগল শ্ৰোত্ৰ পিন্ধোৱাৰ সময়ত কইনাই হাতৰ পৰা কালিৰা খুলি দলিয়াব লাগে যাৰ হাততে কালিৰা পৰিব তেওঁৰে এবছৰৰ পিছতে বিবাহ অনুষ্ঠিত হ’ব। আলিয়াৰ কালিৰা চিটিকি পৰিল কৰিস্মাৰ হাতত আৰু তাৰ পিছতেই কৰিস্মাৰ অনুৰাগীৰ মাজত চৰ্চা চলিছে আলিয়াৰ বিয়াৰ পিছতেই কৰিস্মাৰ বিয়া।
  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।