পত্নীক গৰ্ভৱতী কৰাৰ বাবে স্বামীক মুক্তি

 04/17/2022 - 17:09

 


নিউজ ডেস্কঃ ১৫ দিনৰ বাবে এজন ব্যক্তিক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে৷ এই মুক্তিৰ কাৰণ হৈছে ব্যক্তিজনৰ পত্নীৰ আদালতৰ ওচৰত এক অগতানুগতিক অনুৰোধ৷ অপৰাধী স্বামীৰ পত্নীয়ে ৰাজস্থানৰ যৌধপুৰ আদালততক অনুৰোধ কৰিছিল৷ তেওঁ মাতৃ হ’ব বিচাৰে আৰু সেইয়ে স্বামীক কিছুদিনৰ বাবে জেইলৰ পৰা মুক্তি দিব লাগে৷ আজমেৰৰ জেইলত জাব্বৰ জীৱন কাৰাগাৰত বন্দী হৈ থকা নন্দলালক ক’ৰটে দিছে ১৫ দিনৰ বাবে ঘৰত থকাৰ অনুমতি৷ প্ৰাকৃতিক পন্থাৰে পত্নীয়ে যাতে গৰ্ভধাৰণ কৰিব পাৰে তাৰ বাবে স্বামীক ১৫ দিনৰ বাবে থকাৰ অনুমতি প্ৰদান কৰিছে ন্যায়াধিক সন্দিপ মেহতা আৰু ফাৰজান আলি৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।