মঙলদৈ: দৰং আৰু ওদালগুৰি জিলাৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ যুটীয়া উদ্যোগত তিনি দিনীয়াকৈ মঙলদৈ চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সপ্তম ৰাজ্যিক সন্মিলন। মহিলা এগৰাকী গৰ্ভৱতী হোৱাৰ পৰা সন্তান জন্ম দিয়ালৈ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সময়মতে বেজী দিয়া, প্ৰসূতি মাতৃৰ যতন লোৱাকে ধৰি বিভিন্ন কামৰ তদাৰক কৰে। আনকি সন্তান জন্ম হোৱা পিছত সন্তানক তিনি বছৰৰ পৰা ছয় বছৰলৈ অঙ্গনবাড়ী কেন্দ্ৰত শিক্ষাৰ পোহৰ দিবলৈ চেষ্টা কৰে।
দৈনিক পুৱা ৮ বজাৰ পৰা ১২ বজালৈ কেন্দ্ৰত ব্যস্ত থকা এই কৰ্মী আৰু সহায়িকাসকলে আনকি চৰকাৰে দিয়া অইন দায়িত্বও হেলাৰঙে পালন কৰি আহিছে যদিও অসমৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰে দীৰ্ঘদিন ধৰি শোষণ আৰু বঞ্চনা কৰি আহিছে। এই অনুষ্ঠানত উপস্থিতহৈ সদৌ ভাৰত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেছনৰ সভানেত্ৰী উষাৰাণী সিঙে কয় যে অসমৰ অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাসকলক চৰকাৰে কৰা এনে শোষণ বঞ্চনাৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱে সজোৰে কৰিব লাগিব।
তেতিয়াহে আমি আমাৰ প্ৰাপ্য পাম'। মঙলদৈ গান্ধী ময়দানত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰ্বভাৰতীয় সভানেত্ৰী উষাৰাণী সিঙে লগতে কয় ইমান কষ্ট কৰিও অসমৰ অঙ্গনবাড়ী কৰ্মীয়ে মাহে ৬৫০০ টকা আৰু সহায়িকাই ৩২৫০ টকা পাৰিতোষিক পোৱাৰ বিপৰীতে হাৰিয়ানা, কেৰেলাৰ কৰ্মীয়ে ১১,৫০০ টকা আৰু সহায়িকাসকলে মাহে লাভ কৰে ৭০০০ টকা। এয়া দেখ দেখকৈ অসমৰ সতীৰ্থসকলৰ প্ৰতি অন্যায় কৰা বুলি অভিযোগ কৰি তেওঁ কয় কেন্দ্ৰলৈ অহা শিশুসকলক বছৰত কমেও ৩০০ দিন সুস্বাদু খাদ্য দিব লাগে যদিও সেইখিনি দিয়াৰ ক্ষেত্ৰতো চৰকাৰে কৃপণালী কৰি আহিছে। তেওঁ লগতে কমিচনৰ অংকত শিশু খাদ্য যোগানৰ ঠিকা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক চৰকাৰে দিব ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে।
সভাত চিটু (CITU)ৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই ৰাজ্যখনত ১১ হাজাৰ অঙ্গনবাড়ী কেন্দ্ৰৰ স্থায়ী গৃহ নথকাৰ বাবে কৰ্মী আৰু সহায়িকাসকলে গোহালি ঘৰ, চোতালত, মন্দিৰ, মছজিদ, গীৰ্জা আদি ঠাইত শিশুক শিক্ষা প্ৰদান কৰিবলগীয়া হৈছে বুলি কয়। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অঙ্গনবাড়ী কেন্দ্ৰৰ শিশুসকলক প্ৰাক্ প্ৰাথমিক বিদ্যালয়ত চামিল কৰি পৰ্যায় ক্ৰমে অঙ্গনবাড়ী কেন্দ্ৰ বিলুপ্তি কৰাৰ এক ষড়যন্ত্ৰ কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰে।
চৰকাৰে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা কেন্দ্ৰসমূহ মেৰামতিত কোনো গুৰুত্ব নিদিয়াৰ ইও এক কাৰণ বুলি তেওঁ উল্লেখ কৰে। ৬০ বছৰ উৰ্ধৰ কৰ্মী আৰু সহায়িকাক চৰকাৰে অৱসৰ দিলে আমাৰ কোনো আপত্তি নাই বুলি চিটু নেতা তপন শৰ্মাই উল্লেখ কৰি কয় অৱসৰৰ দিনটোত যাতে তেওঁলোক খালী হাতে যাবলগীয়া নহয় তাৰবাবে কৰ্মীক কমেও দুই লাখ টকা আৰু সহায়িকাক দেৰ লাখ টকা এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব লাগিব- এয়া আমাৰ অকল দাবীয়েই নহয়, কৰ্মী আৰু সহায়িকা সকলৰ প্ৰাপ্য বুলি তেওঁ উল্লেখ কৰে।
তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা সন্মিলনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভা, অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলক মত-বিনিময় আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।