04/18/2022 - 13:41
in
নিউজ ডেস্কঃ আজি নাঙল বিহু। সমগ্ৰ ৰাজ্যজুৰি উলহ-মালহেৰে নাঙলৰ বিহুৰ পৰম্পৰা পালন কৰা দেখা গৈছে৷
নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে৷
নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় নাঙলৰ বিহু।