কামপুৰ আৰু কচুৱা থানা চৌহদত বিজেপিৰ সংখ্যালঘু মৰ্চা স্বচ্ছ ভাৰত অভিযান

 04/18/2022 - 15:07

 


কামপুৰঃ আজি নগাঁও জিলাৰ কামপুৰ আৰু কচুৱা থানাৰ চৌহদত বিজেপিৰ নগাঁও সহযোগত আৰু নগাঁও জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত লগতে কামপুৰ নগৰ মণ্ডল আৰু গৰুবাট মণ্ডলৰ নেতৃত্বত এক চাফাই অভিযান চলায়। বিজেপি দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চাফাই অভিযান কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই চাফাই অভিযান দুয়োখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুজনৰ লগতে আন আৰক্ষী সকলকো সম্বৰ্ধনা জনাই। সমূহ কাৰ্যসূচীত অংশ লয় ৰাজ্যিক বিজেপিৰ সদস্য বাবুল বৰা ;নগাঁও জিলাৰ সংখ্যালঘু মৰ্চা উপ-সভাপতি ক্ৰমে নজৰুল ইছলাম; জাকিৰ হুছেইন ভূঁঞা; গৰুবাট সংখ্যালঘু মৰ্চাৰ সভাপতি জামাল উদ্দিন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।