বহাগৰ ছয় দিনলৈ সাত বিহু হিচাপে মুঠ সাত দিন বিহু পালন কৰা হয়, সুকীয়া সুকীয়া নামসমূহ জানেনে?

 04/18/2022 - 16:43

 


নিউজ ডেস্কঃ বিহু অসমৰ জাতীয় উৎসৱ। বহাগৰ ছয় দিনলৈ সাত বিহু হিচাপে মুঠ সাত দিনলৈ বিহু পালন কৰা হয়। সেই মুঠ সাত দিনৰ প্ৰত্যেকতোৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেইবোৰ হল ১. গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰি বা চেনেহি বিহু, চেৰা বিহু।
 

 

গৰু বিহুঃ ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা অৰ্চনা কৰা হয়। সেইদিনা ৰাতিপুৱাই গৰু-ম’হক মাহ-হালধিৰে নোৱাই, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি সমূহীয়াভাৱে গা ধুৱায় আৰু  লাউ, বেঙেনা, থেকেৰা,হালধি, কেতুৰি আদি গালৈ দলিয়াই।এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰিও অপদেৱতাক খেদি পঠাই বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰে। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি লুণীয়া পিঠা আদি খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়।
 

 

মানুহ বিহুঃ
গৰু বিহুৰ পাছদিনা মানুহ বিহু। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধীৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে। ‘বিহুৱান’ বুলিলে সাধাৰণতে গামোচাকে বুজায় যদিও বিহু উপলক্ষে দিয়া প্ৰায়বোৰ উপহাৰকে ‘বিহুৱান’ আখ্যা দিয়া হয়। আমাৰ সমাজত বিহুৱানৰ এক সুকীয়া মৰ্যাদা আৰু সন্মান আছে। এই দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্হা কৰা হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি  লিখি দুৱাৰ মুখত বা ঘৰৰ চালত গুজি থোৱাৰ নিয়ম-“ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে"।
 

 

গোহাঁই বিহুঃ
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয়। সেইদিনা গাঁৱৰ ৰাইজোৰ মাজত ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ  আদি হয়।
 

 

তাঁতৰ বিহুঃ
অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয় ।

 

 

নাঙল বিহুঃ
অসমীয়া জনজীৱনৰ আদৰৰ কৃষিকৰ্মৰ মূল সম্পদ নাওল  সেয়েহে পঞ্চম দিনা কৃষিকৰ্মৰ মূল সঁজুলি ‘নাঙলৰ বিহু’ হিচাপে পালন কৰা হয়।

 

 

জীয়ৰী বিহুঃ
অসমীয়া সমাজত বহাগ মাহৰ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বুলি কোৱা হয় ।

 

 

চেৰা বিহুঃ
শেষৰ দিনা ‘চেৰা বিহু’। এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়-“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক।”এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে।এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয় আৰু  ইয়াকে ‘সাতশাকী’ বোলে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।