বেলশৰত ২৩তম ৰাষ্ট্ৰীয় পূৱ মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

 03/14/2019 - 15:16

ডিজিটেল ডেস্কঃ বেলশৰত অনুষ্ঠিত হ’ব ২৩তম ৰাষ্ট্ৰীয় পূৱ মাণ্ডলিক দিৱা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা।

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত অহা ১৫, ১৬, ১৭ মাৰ্চত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

লক্ষ্মী পাটোৱাৰীক সভাপতি, হৰিশ গোস্বামীক কাৰ্যকৰী সভাপতি, সুনীল পাটোৱাৰীক মুখ্য সম্পাদক, চন্দন হালৈক সম্পাদক, জিতুমণি হালৈ, দ্বীপজ্যোতি মেনাক যুটীয়া সম্পাদক হিচাপে লৈ প্ৰতিযোগিতা আদৰণি সমিতিখন গঠন কৰা হৈছে।

প্ৰতিযোগিতাখনিত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, নাগালেণ্ডৰ দলে অংশ ল’ব। প্ৰতিযোগিতাখন সৰ্বদিশতে সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰতিযোগিতা আদৰণি সমিতিখনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু ইয়াত ৰাইজৰ সহযোগিতা কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।