মৰিগাঁও: মৰিগাঁৱত গায়িকা তথা ছাত্ৰীৰ আত্মহত্যা৷ জাগ্ৰীতি দেৱী নামৰ এগৰাকী ডিএলএডৰ ছাত্ৰী আছিল গায়িকাগৰাকী৷ মৰিগাঁও দন্দুৱাৰ এইগৰাকী গায়িকা মৰিগাঁও মহাবিদ্যালয়ৰ ২০১৫ বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল৷ বিভিন্ন সাংস্কৃতিক মঞ্চত গীত গাই ৰাইজৰ মন জয় কৰিছিল এইগৰাকী গায়িকাই৷ অভিযোগ মতে বিজু নাথ নামৰ যুৱক এজনৰ লগত আছিল যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক৷ কিন্তু যুৱকজনে প্ৰতিটো কথাতে সন্দেহ কৰিছিল যুৱতীগৰাকীক৷
আনকি শিল্পীগৰাকীৰ সহ শিল্পীৰ লগত সন্দেহ কৰিয়ে প্ৰেমিক বিজুৱে প্ৰেমিকা জাগ্ৰীতিক দীৰ্ঘদিনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি পৰিয়ালে অভিযোগ কৰিছে৷ যাৰ বাবে আজি নিজৰ প্ৰেমিকৰ লগত ভিডিঅ' কলিঙত কথা পাতি থাকোতেই ঘৰৰ ফেনত চিপ লৈ আত্মহত্যা কৰে৷ যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনে আত্মহত্যা কৰিবলৈ যুৱতীগৰাকীক বাধ্য কৰালে বুলি অভিযোগ উত্থাপন কৰিছে।
মৰিগাঁও সদৰ থানাৰ আৰক্ষী আহি মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ যুৱকজনক আৰক্ষীৰ জিম্মাত লয়৷