নলবাৰীৰ সানেকুছিত শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ বিষ্ণু মন্দিৰ উদঘাটন

 04/18/2022 - 18:22

 


বাহাৰঘাটঃ মন্দিৰ উদঘাটন অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন শিক্ষামন্ত্ৰী পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, বিধায়ক পৰমানন্দ ৰাজবংশী, সাংসদ কুইন ওজা, উত্তৰ পূৱ ভাৰতৰ ক্ষেত্ৰ প্ৰচাৰক উলহাস কুলকাৰ্ণি, অৰুনাচলৰ প্ৰাক্তন সাংসদ আৰ কে থ্ৰীমে আৰু দিগন্ত বিশ্ব শৰ্মা আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। উল্লেখযোগ্য যে জিলাখনৰ বৰভাগৰ সানেকুছি(ওজাতোলা)ত অনুষ্ঠিত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ বিষ্ণু মন্দিৰ উদঘাটন অনুষ্ঠানত আধ্যাত্মিকতাৰ আতধৰি সাৰগৰ্ভ ভাষণ দিয়ে এইসকল বিশিষ্ট লোকে৷ গাঁ‌ওখনৰ প্ৰয়াত ৰমেশ শৰ্মাৰ পৰিয়ালে স্থাপন কৰা শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ বিষ্ণু মন্দিৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজক অৰ্পণ কৰে৷ অনুষ্ঠানত অংশ লৈ পৰিয়ালটোৰ সৈতে কটোৱা সান্নিধ্যৰ কথা সোঁ‌ৱৰণ কৰে আটাইকেইগৰাকী ব্যক্তিয়ে। উদঘাটন অনুষ্ঠানত সভাপতিত্ব কৰে শিক্ষাবিদ মনোজ মহন্তই৷ সভাৰ অন্তত বিধায়ক পৰমানন্দ ৰাজবংশী আৰু সাংসদ কুইন ওজাই সাংবাদিককৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান দশমমানলৈ হিন্দী বিষয় বাধ্যতামূলক কৰাটো আদৰণীয়৷ তেওঁলোকে কয় যে ভাষাৰ জ্ঞান থকাটো ভাল কথা হে৷ ইয়াৰোপৰি গুৱাহাটী পৌৰ নিগমত বিজেপি মিত্ৰগোষ্ঠী ভাল ফল দেখুৱাব বুলি উল্লেখ কৰি সাংসদ ওজাই কয় যে বিজেপিক পৰাভূত কৰিব পৰা দল বৰ্তমান নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।