কলগাছিয়াঃ কলগাছিয়াৰ চৰিতঅপুৰত ৰাইজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিলে দীৰ্ঘদিনীয়া জৰাজীৰ্ণ পথ। কলগাছিয়া আৰু বামুনটাৰী পৰা চৰিতঅপুৰহৈ গুনীয়ালগুৰি, টি এন ডি লৈ যোৱা এই পথেৰে দৈনিক স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শ শ লোক যাতায়ত কৰে।
জানিব পৰা মতে এই পথছোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও নৰক যন্ত্ৰণা ভোগ কৰি আছে। সামান্য বৰষুণ পৰিলেই বন্ধ হৈ পৰে যাতায়ত। বোকা পানীৰে লেতেৰা হয় ছাত্ৰ-ছাত্ৰী সকলৰ ইউনিফৰ্ম।
যাব নোৱাৰে দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি চাৰি চকীয়া বাহন। পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ নাই কোনো ধৰণৰ পদক্ষেপ। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া কোনো কানহাৰ নাই বুলি জনায় ৰাইজে।
এনে পৰিপ্রেক্ষিতত চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভিত হৈ ৰাইজে মিলি গাঁঠিৰ ধনেৰে যাতায়তৰ সুবিধাৰ্থে ছেণ্ট গ্ৰেবেলেৰে পথটো মেৰামতি কৰা দেখা যায়। এনে মহানুভৱতাক বিভিন্ন সচেতন মহলে ভূয়সী প্ৰশংসা কৰাও পৰিলক্ষিত হয়।