বাধ্যতামূলক মাস্ক অথবা ৫০০ টকাৰ জৰিমনা

 04/20/2022 - 16:02

 


নিউজ ডেস্কঃ ভাৰতত নতুনকৈ ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত হৈছে ২,০৬৭জন। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১২৪৭জন। ক’ৰণাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিল্লী চৰকাৰে নতুনকৈ জাৰি কৰিছে এছ অ পি। এই এছ অ পি অনুসৰি দিল্লীত এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক। যদিহে মাস্কৰ পৰিধান নকৰে তেনেহলে ভৰিব লাগিব ৫০০টকাৰ জৰিমনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।