জামুগুৰিহাটৰ ১নং বৰদিকৰাইত সাতদিনীয়া ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন

 04/21/2022 - 14:35
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১নং বৰদিকৰাই গাঁৱৰ প্ৰয়াত নন্দলাল খনালৰ বাসগৃহৰ প্ৰাঙ্গনত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী মগ্ধ ভাগৱত জ্ঞান মহাযজ্ঞ। অনুষ্ঠানটিত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা আগবঢ়ায় আচাৰ্য্য পণ্ডিত বিষ্ণুকমল শাস্ত্ৰীয়ে। আচাৰ্য্য পণ্ডিত বিষ্ণুকমল শাস্ত্ৰীয়ে শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সন্দৰ্ভত কয় যে ৰাস একমাত্ৰ ভগৱন্তৰ লীলা আৰু সেই লীলাহে সমস্ত মানৱজাতিৰ কল্যান সাধন কৰিব পাৰে। বৰ্তমানৰ নৱপ্ৰজন্মই ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰিলেহে সমাজখনক কু-সংস্কাৰৰ পৰা বিৰত ৰাখি এক শান্তিৰ ভাৱধাৰাৰে সমাজখন নিকা কৰিব পাৰিব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।