বিহালীৰ একমাত্র উচ্চশিক্ষা অনুষ্ঠান বিহালী মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

 04/21/2022 - 15:10
 
 
 
বিহালীঃ বিহালী অঞ্চলৰ একমাত্র উচ্চশিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালত আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিহালী অঞ্চলৰ দল-সংগঠন প্ৰতিষ্ঠাপক ব্যক্তি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলনৰ পিছতে এখন সভা আয়োজন কৰা হয়। মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক টুনটুন বৰাই পৰিচালনা কৰা সভাখনত উপস্থিত থাকি মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকী; অৱসৰপ্ৰাপ্ত শিক্ষক স্বৰাজ হাজৰিকা,সমাজ কৰ্মী প্ৰেমলাল গঞ্জু, অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ গোস্বামী, গাংমৌথানৰ ডেকা সত্ৰাধীকাৰ ৰূপম গোস্বামী "বৰগাং শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তৰুণ দাস, সমাজকৰ্মী শুকদেৱ বৰুৱা, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সদস্য নীল দাস, অৱসৰ শিক্ষক বৈশ্যাকু ৰয় "বৰগাং হাইস্কুলৰ প্ৰধান শিক্ষক চিত্র ৰঞ্জন ৰয় আদিয়ে বক্তব্য ৰাখে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।