সুন্দৰীদিয়া সত্ৰত বহাগৰ 'সুৱেৰী' পালন

 04/21/2022 - 17:18
 
 
 
বৰপেটাঃ বহাগ বিহুৰ সৈতে জৰিত সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি সাত বিহুৰ দিনটোত সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় বহাগৰ সুৱেৰী উৎসৱ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰত সত্ৰীয়া ৰীতি আৰু পৰম্পৰা অনুসৰি গোসাঁইক সাতবিহুৰ দিনটোত হেকেটা খুৱাবলৈ নিয়া হয়৷ প্ৰবাদ আছে যে, পূৰ্বতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে দৌলৰ সুৱেৰীত গোসাঁই ফুৰোৱাত বাধাৰ সৃষ্টি হোৱাৰ বাবেই পৰৱৰ্তী সময়ত বহাগৰ সাত বিহুত বহাগৰ সুৱেৰী পালনৰ পৰম্পৰা আৰম্ভ হয়৷ অৱশ্যে অঞ্চলটোত পূৰ্বতে হোৱা কলেৰা, হাইজাৰ পৰা ৰক্ষাৰ বাবে কেৱলীয়া ভকত এজনে স্বপ্নাদ্ৰিষ্ট হোৱাৰ পিচৰ পৰাই এই পৰম্পৰা আৰম্ভ হোৱা বুলি জনা যায়৷ সত্ৰখনত চলি অহা পৰম্পৰা অনুসৰি সত্ৰৰ পৰা গোসাঁইক দোলাত তুলি হেকেটা খুৱাই গাঁও ফুৰাই আনি কীৰ্তনঘৰৰ চোপাশে পাঁচ বাৰ প্ৰদক্ষিণ কৰি কীৰ্তনঘৰৰ মনিকূটত যথা নিয়মে গোঁসাইক স্থাপন কৰা হয়৷ বহাগ বিহুৰ সৈতে জৰিত সুন্দৰীদিয়া সত্ৰৰ এই বহাগৰ সুঁৱেৰী উপলক্ষে সত্ৰবাসীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।