04/21/2022 - 18:14
in
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ নদুৱাৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা। নদুৱাৰ জাতীয় বিদ্যালয়ৰ খেলা পথাৰত অনুষ্ঠিত উক্ত মুকলি বিহুৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে পাচিঘাত কলেজৰ অবসৰী অধ্যক্ষ তথা সমাজকৰ্মী ধৰ্মেশ্বৰ হাজৰিকাই। অংকুৰ প্ৰাথমিকৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত উক্ত মুকলি বিহু প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে জামুগুৰিহাটৰ শিল্পী পৰান বাৰুতি আৰু বিশিষ্ট ধুলীয়া জোনমনি বৰুৱা। অসমীয়া কলা-সংস্কৃতিৰ প্ৰতি উঠি অহা প্ৰজন্মক গুৰুত্ব প্ৰদান কৰোৱাৰ মানসেৰে বিগত বহু বছৰ ধৰি এই বিদ্যালয়ত উদযাপন কৰি অহা এই মুকলি বিহুখনত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰী শিক্ষক, সমাজ কৰ্মী ধৰণীধৰ দাস, সমাজকৰ্মী নগেন বৰা, দেবেন কলিতা, উপৰিও জামুগুৰিহাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত উক্ত মুকলি বিহু প্ৰতিযোগিতাৰ শেষত অভিভাৱক, ছাত্ৰ-ছাত্ৰী সকলোৱে মিলি একেলগে বিহুত অংশগ্ৰহণ কৰাৰ পাছতেই মুকলি বিহুত অংশগ্ৰহণ কৰি স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে।