দুদিনীয়াকৈ উদযাপন দক্ষিণ পূৱ বৰভাগ আঞ্চলিক ৰঙালী বিহু

 04/22/2022 - 12:47
 
 
 
বাহাৰঘাটঃ দুদিনীয়াকৈ উদযাপন দক্ষিণ পূৱ বৰভাগ আঞ্চলিক ৰঙালী বিহু৷ জনসমুদ্ৰত পৰিণত বৰবুকীয়া জগৎজ্যোতি সংঘ ও পুথিভঁৰাল বিহু বাকৰি৷ অনুষ্ঠানৰ মাজতে ৰাষ্ট্ৰীয় গ্ৰামীন জীৱিকা অভিযানৰ নলবাৰী জিলা প্ৰৱন্ধক চন্দন তালুকদাৰক ৰাজহুৱা সম্বৰ্ধনা জনাই৷ উল্লেখযোগ্য যে এইবেলি এন আৰ এল এম কাৰ্য্যসূচী সমূহ নিয়াৰিকৈ কাৰ্য্যকৰী কৰাত সফল হোৱা হেতু দেশৰ তিনিখন জিলাৰ ভিতৰত নলবাৰী জিলাই প্ৰথম স্থান দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আজি নতুন দিল্লীত উক্ত সন্মানীয় বঁটা গ্ৰহণ কৰিয়ে বাহিৰে বাহিৰে জন্ম গাঁও বৰবুকীয়াত উপস্থিত হয় জিলা প্ৰৱন্ধক গৰাকী৷ দুদিনীয়াকৈ আয়োজিত উক্ত বিহু সন্মিলনৰ চন্দন তালুকদাৰ আছিল প্ৰধান সম্পাদক৷ বৃহস্পতিবাৰে সামৰণি কাৰ্য্যসূচীত অজস্ৰ বিহুপ্ৰেমী ৰাইজৰ সমাগম৷ বিহুগীতৰ চন্দ, ঢোল পেপা, গগনাৰ সুৰীয়া মুৰ্চনাই জিপাল কৰি তুলিছিল সমগ্ৰ বৰবুকীয়া৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।