বিশ্বকাপৰ বা-বাতৰি

 06/09/2019 - 13:33

ডিজিটেল ডেস্ক: ইংলেণ্ড আৰু বাংলাদেশৰ মাজত কালি অনুষ্ঠিত হোৱা প্ৰথমখন মেছত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৬ উইকেট হেৰুৱাই ৩৮৬ ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে। আৰু বাংলাদেশে এই মেছত ৪৮.৫ অভাৰত ১০টা উইকেট হেৰুৱাই ২৮০ ৰাণ সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰে। এই মেছত ১২১ বলত ১৫৩ ৰাণ সংগ্ৰহ কৰি ইংলেণ্ডৰ জেইছন ৰয়ে মেন অব দা মেছ লাভ কৰে।

আনহাতে দ্বিতীয়খন মেছত আফগানিস্তানে ৪১.১ অভাৰত ১০ টা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰে। তাৰ বিপৰীতে নিউজিলেণ্ডে ৩২.১ অভাৰত ৩টা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰি ৭ টা উইকেটত জয়লাভ কৰে। এই মেছত নিউজিলেণ্ডৰ জেমছ নিছামে ১০ অভাৰত ৩১ ৰাণ দি ৫টা উইকেট সংগ্ৰহ কৰি মেন অব দা মেছ লাভ কৰে।

আজি অনুষ্ঠিত হ'বলগীয়া ১৪ সংখ্যক খেলত ভাৰত আৰু অষ্ট্ৰেলিয়াই মুখামুখি সমৰত অৱতীৰ্ণ হ'ব। আজি দিনৰ তিনিটাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই খেলখন কেনিঙটন অভেল, লণ্ডনত অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।