04/22/2022 - 17:16
in
ধুবুৰীঃ আজি ধুবুৰীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্মীয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয় কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে ৰাতিপুৱা প্ৰায় ১০.৩০ মান বজাত আহি উপস্থিত হয়। মন্ত্ৰী গৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত মিলিত হৈ গোটেই চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। আজি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰামতে ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা বছৰৰ পাঠ্যক্ৰমৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ যাবতীয় কাম-কাজ প্ৰায় সাজু হৈ আছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ নিৰ্দেশনা পোৱা মাত্ৰকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ধুবুৰী চিকিৎসা মহাবিদ্যায় চৌহদতে নতুন কৈ স্থাপন হ'বলগীয়া ধুবুৰী কেন্সাৰ হাস্পতালখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে আধাৰ শিলা স্থাপন কৰিব বুলি আজি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যায়ত ঘোষণা কৰে।