06/09/2019 - 14:05
in
ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ চিৰাকুটাত পুৱা প্ৰায় ৯ বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে দ্ৰুতবেগী ছুইফট ডিজায়াৰ আৰু স্কৰপিঅ’ৰ মাজত সংঘৰ্ষ সংঘটিত হয়। সংঘৰ্ষৰ ফলত শিশুসহ একেটা পৰিয়ালৰ ৪জন লোক নিহত হয়। পৰিয়ালটো বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ আত্মীয় আছিল বুলি জানিব পৰা গৈছে।
শোকাৱহ পথ দুৰ্ঘটনাটোত দুবছৰীয়া শিশু ময়ূখ ৰায়, ৰুবুল ৰায়, দ্বীপশিখা সিংহ ৰায় আৰু ৰফিকুল ইছলাম নিহত হয়। গোৱালপাৰাৰ পৰা গোলকগঞ্জলৈ গৈছিল নিহত পৰিয়ালটো। ঘটনাস্থলীত বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী উপস্থিত হৈ ঘটনাৰ বুজ লয়।