04/26/2022 - 15:46
in
নিউজ ডেস্কঃ 'চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা...' প্ৰত্যেক বছৰৰ দৰেই এবাৰো কুলি, কেতেকীৰ আগমনৰ লগে লগে অসমীয়াৰ মন ৰঙীন কৰিবলৈ হেপাহৰ ৰঙালী বিহু আহিল। সাত বিহু শেষ হ'ল। কিন্তু বৰ্তমানো সমগ্ৰ অসম ঢোল, পেপাঁৰ শব্দত ৰজনজনাই আছে। সমগ্ৰ অসমৰ সমান্তৰালকৈ ঢোল, পেপাঁ, গগনাৰ শব্দ মুখৰিত হৈছে বৰাক উপত্যকাত অৱস্থিত অসম বিশ্ববিদ্যালয়ো। প্ৰত্যেক বছৰৰ দৰেই এইবাৰো আগন্তুক ১৪ মে'ত হেঁপাহৰ ৰঙালী বিহুৰ উপলক্ষ্যে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আয়োজন কৰিছে 'গামোচা ২০২২' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।
'গামোচা ২০২২' শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠান হ'ব বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণৰ সন্মুখতে থকা মুকলি মঞ্চত। উদযাপন সমিতিৰ সদস্য প্ৰাঞ্জল শইকীয়াই জানোৱা অনুসৰি অসমীয়া ভাষীৰ লগতে বঙালী ভাষী ছাত্ৰ-ছাত্ৰী সকলোৰে সহযোগিতাত অনুষ্ঠিত হ'ব 'গামোচা ২০২২'। 'গামোচা ২০২২' বিহুৰ লগতে থাকিব বিশেষ কণ্ঠশিল্পীৰ সংগীতৰ অনুষ্ঠান। কিন্তু উদযাপন সমিতিৰ তৰফৰ পৰা 'গামোচা ২০২২' ৰ বিশেষ আকৰ্ষণৰ বিষয়ে বৰ্তমানলৈকে কোনো স্পষ্ট মন্তব্য আগবঢ়োৱা নাই। বৰ্তমানো 'গামোচা ২০২২' ৰ কাৰ্যসূচীকলৈ পৰিকল্পনা অব্যাহত আছে উদযাপন সমিতিৰ ভিতৰচৰাত।
উদযাপন সমিতিৰ তৰফৰ পৰা জনোৱা অনুসৰি হয়টো মে' মাহৰ প্ৰথম সপ্তাহলৈ অনুষ্ঠানৰ কাৰ্যসূচী মুকলি কৰা হ'ব। বৰ্তমান উদযাপন সমিতি আৰু গামোচা ২০২২ ৰ আকৰ্ষণৰ মুল কেন্দ্ৰবিন্দু ৫০- ৬০ জনীয়া এটা বিহুৱা-বিহুৱতীৰ দল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত। তীব্ৰ গতিত আৰম্ভ হৈছে 'গামোচা ২০২২' ব্যাপক আয়োজন। মুঠতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ এতিয়া বৰাকটো পেপাঁৰ লহৰ আৰু ঢোলৰ গুমগুমিয়ে ৰাইজাই কৰিছে বিহুৱা-বিহুৱতীৰ মন। 'গামোচা ২০২২' বিহুবলীয়া ছাত্ৰ-ছাত্ৰীৰ জাতিটোৰ প্ৰতি থকা হেপাঁহ সমান্তৰালকৈ পূৰ্বদৰেই পুনৰ বহন কৰিব বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাতৰি।