বাক্সাৰ লাৱদাংগুৰীত দুদিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহু

 04/26/2022 - 17:25
 
 
শালবাৰীঃ বাক্সাৰ লাৱদাংগুৰীত উলহ-মালহেৰে আৰম্ভ ৰঙালী বিহুৰ। ব'হাগ মানেই যেন ৰঙালী বিহুৰ উচ্চাহ-উদ্দীপনা। সমগ্ৰ ৰাজ্যতে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহুৰ। সমান্তৰালকৈ বাক্সাৰ লাৱদাংগুৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ। লাৱদাংগুৰী বজাৰ বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হৈছে ২২ তম ৰঙালী বিহুৰ। এই উপলক্ষে পুৱাই বিহুৱান উত্তোলন, স্মৃতিচাৰণ, বিভিন্ন খেল-ধেমালি আদিৰে বিহুৰ কাৰ্যসূচী আৰম্ভ হয়। আবেলি মুকলি বিহুৰ লগতে কাইলৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে আয়োজকে। উল্লেখ্য যে চৰকাৰে দহবৰ্ষ অতিক্ৰম কৰা বিহু সমিতি সমূহলৈ প্ৰদান আৰ্থিক সাহায্য উক্ত সমিতিখনিয়ে লাভ নকৰাত দুখ প্ৰকাশ কৰে আয়োজকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।